Mother And Nature

মা আৰু প্ৰকৃতি

মাধৱ গগৈ

ৰচনাকাৰ | লেখক | প্ৰতিষ্ঠাপক | মুখ্য কাৰ্যবাহী

জয় মা আৰু প্ৰকৃতি

🙏🏾 প্ৰণাম গ্ৰহণ কৰিব। 🙏🏾

বিশ্বৰ সকলো জনসাধাৰণলৈ আন্তৰিক আহ্বান।

আহক, আমি সকলোৱে এই পৃথিবীত এক মানৱ জাতি হিচাপে একেলগে গঢ় লৈ উঠো।

আমাৰ সকলোৰে সাহিত্য, সংস্কৃতি, সভ্যতা, কলা আৰু সমাজ ব্যৱস্থাক লগত লৈ ইজনে সিজনক সকলো দিশতে সন্মান জনাই, এখন সুন্দৰ আৰু সব্বাঙ্গীন মানৱ সমাজ প্ৰতিষ্ঠা কৰো।

আমি সকলো জীৱই এই পৃথিবীলৈ আহিছো—

লুভ, মোহ, কাম, ক্ৰোধ, দম্ভ আৰু অহংকাৰ পৰিত্যাগ কৰি,

সকলোৱে মিলি এখন সুস্থ, শান্তিপূৰ্ণ আৰু মঙ্গলময় পৃথিবী নিৰ্মাণ কৰিবলৈ।

আমি সকলো মানুহ। সেয়ে আমি সকলোৱে মানৱ ধৰ্ম বৰ্তাই ৰাখি এখন সুন্দৰ সব্বাঙ্গীন সমাজ গঠন কৰিব লাগিব।

আমি সকলো মা আৰু প্ৰকৃতিৰ সন্তান। আমাৰ আৰু বেলেগ কোনো নাই।

মা আৰু প্ৰকৃতিৰ বুকুত আমি সকলোৱে সুখ-শান্তিৰে জীয়াই থাকি মানৱ ধৰ্ম পালন কৰিব লাগিব।

আহক, সময় থাকোতেই এক মানৱ জাতিৰ একতাৰে এখন সুন্দৰ সমাজ গঢ়ি তোলোঁ।

সকলো মানৱ জাতিলৈ আহ্বান জনোৱা হৈছে—

সকলো অঞ্চলতে “মা আৰু প্ৰকৃতি সমাজ” গঠন কৰিবলৈ।

এই সমাজ গঠনৰ বাবে সকলোকে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

🚩 আহক আমি সকলোৱে এই পৃথিবীত সুস্থ মানৱ জাতি হিচাপে জীৱন নিৰ্বাহ কৰো।

🚩 আহক আমি সকলোৱে সকলোকে মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ আৰু পৰিয়াল হিচাপে ব্যৱহাৰ কৰো।

🚩 আহক আমি সকলো ভেদাভেদ—জাতি, ধৰ্ম, ভাষা—এৰি মানৱ জাতিৰ পৰিচয় দিওঁ;

যেনে মা আৰু প্ৰকৃতিৰ কোনো জাতি বা ধৰ্ম নাই।

🚩 আহক আমি সকলো বিশ্বত এক মানৱ জাতি বুলি পৰিচিত হওঁ।

🚩 আহক আমাৰ ভাল কৰ্মেই আমাৰ ধৰ্ম হওঁক।

🚩 আহক আমি ইজনে সিজনক সমভাৱ আৰু সমঅধিকাৰ প্ৰদান কৰো।

🚩 আহক আমি শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতা সদায় বৰ্তাই ৰাখো।

🚩 আহক আমি সকলো এটা পৰিয়াল হৈ জীয়াই থাকো—

কাৰোবাৰ বিপদ বা সমস্যাত সকলোৱে মিলি সহায়-সহযোগিতা আগবঢ়াওঁ।

🚩 আহক আমি সকলোকে মা, দেউতা, বাই, ভনী, ককাই, ভাই আৰু পৰিয়াল হিচাপে সন্মান জনাওঁ।

🚩 আহক আমাৰ লক্ষ্য হওঁক—এখন সুস্থ বিশ্ব গঢ়া,

পৃথিৱীৰ সকলো জীৱক সমান চকুৰে চোৱা আৰু সমঅধিকাৰ প্ৰদান কৰা।

🚩 মা আৰু প্ৰকৃতিয়ে আমাক শক্তি দিয়ে।

আহক আমি মানৱ জাতি মা আৰু পৃথিবীৰ দৰে সহনশীল, দয়ালু আৰু মহান হওঁ।

🚩 আহক আমি সকলো লুভ, মোহ, দম্ভ আৰু অহংকাৰ ত্যাগ কৰি

জীৱ শ্ৰেষ্ঠ মানৱ জাতিৰ পৰিচয় দিওঁ।

আহক আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাওঁ

আৰু এখন সুন্দৰ, শান্তিপূৰ্ণ আৰু সব্বাঙ্গীন পৃথিবী নিৰ্মাণ কৰো।

🙏🏾 সেৱাৰে 🙏🏾

মা আৰু প্ৰকৃতি

মাধৱ গগৈ

প্ৰতিষ্ঠাপক

📧 Email: mother.and.nature2021@gmail.com

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...