🌱 মা আৰু প্ৰকৃতি (Mother and Nature | माँ और प्रकृति)
আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ সকলোৰে লক্ষ্য একেটাই—এই পৃথিৱীত আমি সকলোয়ে এখন সুস্থ, শান্তিপূৰ্ণ আৰু একতাবদ্ধ পৰিয়ালৰ দৰে একেলগে জীৱন যাপন কৰা।
আমি সকলোৱে— মা, দেউতা, আই, বোপাই, ককাই, ভাই, বাই, ভনী, বংশ আৰু পৰিয়ালৰ সদস্য হিচাপে প্ৰতি মৰম, সন্মান আৰু দায়িত্ব বোধেৰে কাম কৰি যাব লাগিব।
আমাৰ মাজত জাতি, ধৰ্ম, ভাষা বা কোনো ধৰণৰ ভেদাভেদ নাথাকিব। কাৰণ— যেনে কৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই,তেনেকৈ মানুহো একে মানৱ জাতিৰেই সন্তান। বিশ্বত আমাক কেৱল “মানৱ জাতি” হিচাপেই চিনাকি হ’ব লাগিব। আমাৰ কৰ্মই হ’ব আমাৰ ধৰ্ম। সকলোৱে সকলো মানৱ জাতিৰ প্ৰতি সমভাৱ, সমান দৃষ্টি আৰু সমান অধিকাৰ ৰাখিব লাগিব। আমি সকলোৱে— শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতা সদায় বজাই ৰাখি এখন সুন্দৰ, সুস্থ আৰু মানৱীয় পৃথিৱী গঢ়ি তুলিব লাগিব।
সেৱাৰে
মাধৱ গগৈ
প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী।
অসম, ভাৰত।
জয় মা আৰু প্ৰকৃতি 🌍🌱
No comments:
Post a Comment