About

মা আৰু প্ৰকৃতি (Mother and Nature) এটা মানৱীয়, সামাজিক আৰু নৈতিক আন্দোলন, যাৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক এক মানৱ জাতি হিচাপে একত্ৰিত কৰা। এই আন্দোলনৰ বিশ্বাস—আমাৰ সকলোৰে মূল পৰিচয় একেই; আমি সকলো মা আৰু প্ৰকৃতিৰ সন্তান

মা আৰু প্ৰকৃতি কোনো জাতি, ধৰ্ম, ভাষা বা ভৌগোলিক সীমাৰ ভিতৰত আবদ্ধ নহয়। ই এক সাৰ্বজনীন মানৱ দৰ্শন, যি শান্তি, সমতা, ভাতৃত্ববোধ আৰু সহাবস্থানৰ বাণী বহন কৰে।
এই আন্দোলনৰ লক্ষ্য হৈছে মানুহে মানুহক মা, দেউতা, বাই, ভনী, ককাই, ভাই আৰু পৰিয়াল হিচাপে সন্মান জনোৱা এখন সুস্থ, সব্বাঙ্গীন আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তোলা।
মা আৰু প্ৰকৃতি আন্দোলনৰ প্ৰতিষ্ঠাপক হৈছে মাধৱ গগৈ, যিয়ে মানৱ ঐক্য, প্ৰকৃতি সংৰক্ষণ আৰু নৈতিক মূল্যবোধক একেলগে আগবঢ়াই লৈ যাবলৈ এই উদ্যোগ আৰম্ভ কৰিছে।
Our Mission | আমাৰ লক্ষ্য আৰু উদ্দেশ্য
আমাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত স্পষ্টভাৱে উল্লেখ কৰা হৈছে—
বিশ্ববাসীক জাতি, ধৰ্ম, ভাষা আৰু দেশৰ ভেদাভেদ এৰি এক মানৱ জাতি হিচাপে পৰিচিত কৰা।
মানৱ ধৰ্মক সৰ্বোচ্চ স্থান দি ভাল কৰ্মকেই ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰা।
ইজনে সিজনক সমভাৱ, সন্মান আৰু সমঅধিকাৰ প্ৰদান কৰা সমাজ গঢ়ি তোলা।
শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতাৰ সংস্কৃতি বিশ্বজুৰি বিস্তাৰ কৰা।
প্ৰকৃতিৰ সৈতে সহাবস্থান বজাই ৰাখি সকলো জীৱক সমান চকুৰে চোৱা দৰ্শন গঢ়ি তোলা।
লোভ, মোহ, ক্ৰোধ, দম্ভ আৰু অহংকাৰ ত্যাগ কৰি নৈতিক আৰু মানৱীয় মূল্যবোধ জগাই তোলা।
প্ৰতিটো অঞ্চলত মা আৰু প্ৰকৃতি সমাজ গঠন কৰি মানৱীয় সহায়-সহযোগিতা আৰু সামাজিক দায়িত্ব শক্তিশালী কৰা।
বিপদ-আপদত মানুহে মানুহৰ কাষত থিয় দি এটা বিশ্ব পৰিয়াল হিচাপে কাম কৰা।
আমাৰ বিশ্বাস—যদি মানুহে মানৱ ধৰ্ম বুজি পায় আৰু প্ৰকৃতিক মা হিচাপে সন্মান কৰে, তেন্তে এই পৃথিবী নিজে নিজেই এখন সুন্দৰ, শান্তিপূৰ্ণ আৰু সুৰক্ষিত স্থান হৈ উঠিব।
আহক, আমি সকলোৱে হাতে হাত ধৰি এখন সুস্থ, সমান আৰু শান্তিময় বিশ্ব গঢ়ো।

📧 Contact Email: mother.and.nature2021@gmail.com

Jai Maa aur Prakriti | জয় মা আৰু প্ৰকৃতি

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...