🌏 মানৱ জাতিলৈ আহ্বান
দেশৰ সম্পদ ধ্বংস হ’বলৈ ধৰিছে লোভী মানৱৰ হাতত।
টকাৰ মোহত মানুহে নিজক পাহৰি পেলাইছে,
পাহৰি পেলাইছে নিজৰ ধৰ্ম, বিবেক আৰু দায়িত্ব।
বন-পাহাৰ, নদী-নলা, মাটি আৰু জীৱকোল—
এইবোৰেই পৃথিৱীৰ প্ৰাণ।
কিন্তু লোভৰ জুইত মানুহে
নিজ হাতে ধ্বংস কৰিছে এই অমূল্য ধন।
আজিৰ মানৱে পাহৰি পেলাইছে
ভৱিষ্যৎ প্ৰজন্মৰ জীৱনৰ অধিকাৰ।
পাহৰি পেলাইছে যে পৃথিৱী কেৱল
বৰ্তমানৰ মানুহৰ নহয়,
ই আগন্তুক প্ৰজন্মৰো আশ্ৰয়।
যদি সময় থাকোঁতেই মানুহে
উচিত পথলৈ ঘূৰি নাহে,
তেন্তে দেশ ধ্বংস হ’ব,
পৃথিৱীৰ সাম্য ভাঙি পৰিব,
আৰু মানৱ জাতিৰ অস্তিত্ব বিপন্ন হ’ব।
সেয়ে এইটো এক আন্তৰিক আহ্বান—
মানুহে লোভ ত্যাগ কৰক,
প্ৰকৃতিৰ সন্মান কৰক,
বন, নদী আৰু জীৱকোলক ৰক্ষা কৰক।
প্ৰকৃতি ৰক্ষা কৰা মানেই
মানৱ জাতিৰ ভৱিষ্যৎ ৰক্ষা কৰা।
সময় থাকোঁতেই জাগ্ৰত হওক মানৱ সমাজ।
সত্যৰ পথলৈ ঘূৰি আহক। প্ৰকৃতি ৰক্ষা কৰক, জীৱন ৰক্ষা কৰক।
✍️ মাধৱ গগৈ
অসম, ভাৰত
-
No comments:
Post a Comment