মানৱ জাতিয়ে আজি বহু ক্ষেত্ৰত সত্যৰ পথ এৰি অসত্যকেই সত্য বুলি আকোঁৱালি ল’বলৈ আৰম্ভ কৰিছে। এই পথ মানৱ সমাজৰ বাবে অতি বিপজ্জনক সংকেত। যেতিয়া অসত্য, লোভ আৰু অবিবেচনা মানৱৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ উঠে, তেতিয়া ধীৰে ধীৰে সমাজৰ সমতা নষ্ট হয় আৰু প্ৰকৃতিৰ সুষমাও ভাঙি পৰে। এই অৱস্থা মানৱ জাতিৰ অস্তিত্বৰ বাবে এক গভীৰ সংকেত। যদি মানুহে এই ভুল পথৰ পৰা ঘূৰি নাহে, তেন্তে একদিন পৃথিৱীত মানৱ সভ্যতাৰ অস্তিত্বো সংকটত পৰিব পাৰে।
পৃথিৱীৰ প্ৰতিটো জীৱকোল জীয়াই থাকিবলৈ কিছুমান মৌলিক প্ৰয়োজন আছে। জীৱনৰ এই মৌলিক ভিত্তিসমূহ ৰক্ষা নকৰিলে কোনো সভ্যতা দীৰ্ঘদিন টিকি থাকিব নোৱাৰে। জীৱকোলৰ প্ৰধান প্ৰয়োজনসমূহ হ’ল—
- অন্ন, যাতে জীৱন ধাৰণ কৰিব পাৰে।
- বস্ত্ৰ, যাতে দেহ সুৰক্ষিত থাকে।
- বাসস্থান, যাতে নিৰাপদ আশ্ৰয় লাভ হয়।
- এটা সুন্দৰ আৰু সুষম প্ৰাকৃতিক পৰিৱেশ।
- এখন শৃংখলাপূৰ্ণ আৰু ন্যায়ভিত্তিক সমাজ ব্যৱস্থা।
- সমৃদ্ধ সাংস্কৃতিক পৰিবেশ আৰু সু-সংস্কাৰ।
- বিশুদ্ধ বায়ু, যাতে জীৱন সজীৱ থাকে।
- বিশুদ্ধ পানী, যাতে জীৱনৰ ধাৰা অব্যাহত থাকে।
এইবোৰেই হৈছে পৃথিৱীৰ প্ৰতিটো জীৱকোলৰ মৌলিক প্ৰয়োজন। এই প্ৰয়োজনসমূহ সংৰক্ষণ আৰু সুৰক্ষিত কৰা মানে জীৱনক সুৰক্ষিত কৰা, সমাজক সুস্থ কৰি তোলা আৰু পৃথিৱীক বাসযোগ্য কৰি ৰখা।
সেয়ে মানৱ জাতিয়ে সত্য, ন্যায়, সহানুভূতি আৰু প্ৰকৃতিৰ সন্মানৰ পথ গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজনীয়। তেতিয়াহে পৃথিৱীত শান্তি, সমতা আৰু জীৱনৰ সুন্দৰ ধাৰা চিৰদিন অব্যাহত থাকিব।
সেৱাৰে
মাধৱ গগৈ
অসম, ভাৰত 🌿
No comments:
Post a Comment