এখন সুন্দৰ সেউজীয়া সমাজ লাভ কৰা মা আৰু প্ৰকৃতিৰ দ্বাৰা বিশাল ধাৰা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে

প্ৰকৃতিক ভালপোৱা আৰু সকলো লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰা মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠান মা আৰু প্ৰকৃতি । সমাজৰ কু সংস্কাৰ আতৰাই সু সংস্কাৰলৈ পৰিবৰ্তন কৰি এখন সুন্দৰ সেউজীয়া সমাজ লাভ কৰা মা আৰু প্ৰকৃতিৰ দ্বাৰা বিশাল ধাৰা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে অসমৰ প্ৰাথমিক শাখাৰ পৰা জিলা শাখালৈকে একগোট কৰি নগাঁৱৰ ডাকৰঘাটৰ বাপুজী এল পি স্কুলত দিনজোৰা কাৰ্যসূচীৰে ০৭ মাৰ্চ ২০২৩, মঙ্গলবাৰে কেন্দ্ৰীয় অধিবেশন খনি প্ৰতিষ্ঠাপক সভাপতি মাধৱ গগৈ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । পুৱা বেলা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড° কেশৱ চন্দ্ৰ বৰাই । বন্তি প্ৰজ্বলন কৰে ডাকৰঘাটৰ সমাজ সেৱক মণিৰাম হাজৰিকাই ।বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু কবিতা গীতমাত অনুষ্ঠানত বিশ গৰাকীৰ শিল্পীয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...