নগাঁৱত দিনজোৰা কাৰ্যসূচীৰে অহা ৭ ৰ্মাচ ২০২৩ অনুষ্ঠিত হব মা আৰু প্ৰকৃতি কেন্দ্ৰীয় অধিবেশন।

  সামাজিক অনুষ্ঠান মা আৰু প্ৰকৃতি ( MOTHER AND NATURE) নগাঁৱত কেন্দ্ৰীয় অধিবেশনৰ উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ৭ মাৰ্চ ২০২৩ মঙ্গল বাৰে অনুষ্ঠিত হব কমাৰ পানীগাওঁ মজলীয়া বিদ্যালয়ৰ প্ৰাংঙ্গনত। মা আৰু প্ৰকৃতি  কেন্দ্রীয়  উপসভাপতি ড° কেশৱ বৰা  প্ৰকাশ কৰা মতে পূৱা ৯ বজাত পতাকা উত্তোলন। উত্তোলক : প্ৰতিষ্ঠাপক সভাপতি: শ্ৰীযুত মাধৱ গগৈ। পূৱা ১০ বজাত বন্তি প্ৰজ্বলন। প্ৰজলক: ড° কেশৱ বৰা সভাপতি মা আৰু প্ৰকৃতিৰ নগাঁও জিলাৰ সমিতি। পূৱা ১১ বজাত: লঘু আহাৰ বিতৰণ। পূৱা ১১ -৩০ বজাত: প্ৰতিযোগিতা আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান। দুপৰীয়া ১২ বজাত: প্ৰতিনিধি নাম ভৰ্তিকৰণ। দিনৰ ১ বজাত: আহাৰ আপ্যায়ন। বিয়লি ২ বজাত: মুকলি সভাত সভাপতিত্ব কৰিব - শ্ৰীযুত মাধৱ গগৈ । সভা আত ধৰিব ড° কেশৱ বৰা। এটি বৰগীত পৰিবেশন, পৰিবেশনৰ  অন্তত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ ভাষণ-- মা আৰু প্ৰকৃতিৰ সমাজ গঠনত ভূমিকা। কেন্দ্ৰীয় কমিটিৰ বিষয় ববীয়া সকলৰ চিনাকি আৰু আদৰণি অনুষ্ঠান । বিশিষ্ট অতিথি সকলৰ ভাষণ।  নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলৰ নাম ঘোষণা আৰু চিনাকি পৰ্ব। সমজুৱা একেষাৰ। জাতীয় সংগীতৰে সভাৰ কাৰ্য্যসূচী সামৰণি। 

No comments:

Post a Comment

কণ্ঠনাম

মা আৰু প্ৰকৃতি ৰচিত “কণ্ঠনাম” (শৰণ, ভজন, কাকুতি, মিনতি, সেৱা, অৰ্পণ, দান, ত্যাগ, পৰিতাপ আৰু মুক্তি) ১. শৰণ হে মা আৰু প্ৰকৃতি, তুমি এই জগতৰ আ...